নিউজ ডেস্ক, ২৫ আগষ্টঃ বহু চৰ্চিত দুঃসাহসিক ছবি ‘অৱতাৰ’। বলীউড হাংগামাৰ এক প্ৰতিবেদন অনুসৰি ‘অৱতাৰ’ চাৰিখন হাই ডাইনামিক ৰেঞ্জ ফৰ্মেটত দেখুওৱা হ’ব। ‘অৱতাৰ’ কাল্পনিক কাহিনীৰ আধাৰত। এই ছবিখন ২০০৯ চনত মুক্তি পাইছিল। চিনেমাখনত কোৱা হৈছে চুলি পৰিয়ালৰ কাহিনী।
দুসপ্তাহ ধৰি ছবিগৃহত চলিব চিনেমাখন। এনে খবৰ লৈ অনুৰাগীৰ হৃদয়ত আনন্দৰ অন্ত নাই। চিনেমাখনৰ বাবে অপেক্ষা কৰি আছে অৱতাৰ অনুৰাগীসকল।
ইয়াৰ মাজতে জানিব পৰা গৈছে যে ‘অৱতাৰ’ৰ নতুন ছিকুৱেল ‘পানীৰ পথ’ আহি আছে। চলিত বৰ্ষৰ শেষত ২০২২ চনৰ ১৬ ডিচেম্বৰত মুক্তি পাব। লগতে ২০২৪, ২০২৬ আৰু ২০২৮ চনত আহিব এই ছবিখনৰ তিনিটা ছিকুৱেল।