Daily Time Axom

এতিয়াৰ পৰা ই-ৰিক্সা চাৰ্জিঙত ল’ব লাগিব অতিৰিক্ত বিদ্যুৎ সংযোগ

18

নিউজ ডেস্ক, ২৫ আগষ্টঃ ৰাজ্যৰ ই-ৰিক্সা চালকৰ ওপৰত মাধমাৰ। এতিয়াৰে পৰা ই-ৰিক্সা চাৰ্জিঙৰ ক্ষেত্ৰত ল’ব লাগিব অতিৰিক্ত বিদ্যুৎ সংযোগ। ইতিমধ্যে APDCL-এ জাৰি কৰিছে এই নতুন নিৰ্দেশনা। LT- ইলেকট্ৰিক ভেহিকেল চাৰ্জিঙৰ বাবে আবেদন কৰিব লাগিব গ্ৰাহকে। নিৰ্দেশ অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব ই-ৰিক্সাৰ চালকসকলে।

বিদ্যুৎ আইনৰ ধাৰা ১২৬ অনুসৰি হ’ব এই আইনগত ব্যৱস্থা। APDCLৰ নতুন নিৰ্দেশৰ পাছতেই এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

Comments are closed, but trackbacks and pingbacks are open.