নিউজ ডেস্ক, ২৫ আগষ্টঃ গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত খেৰবাৰীৰ ২য় খণ্ড গাঁৱত এক লোমহৰ্ষক হত্যাকাণ্ড।
জানিব পৰা মতে প্ৰায় দুই বছৰ আগতে লোহাজানী গাঁৱৰ সাহাজালাল সেখৰ কন্য়া মনীজা খাতুন খেৰবাৰীৰ ২য় খণ্ড গাঁৱৰ নিবাসী আনোৱাৰ আলীৰ সৈতে সামাজিক ভাৱে বিবাহ পাশত আৱদ্ধ হৈছিল।
অভিযোগ মতে বিয়াৰ পিছৰে পৰা যৌতুকৰ বাবে স্বামীৰ পৰিয়ালে সঘনাই বোৱাৰী গৰাকীক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল।।
পিতৃ পৰিয়ালৰ মতে স্বামীৰ পৰিয়ালে প্ৰথমে হত্যা কৰি তাৰ পিছত মুখত বিষ ঢালি দি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি মন্তব্য অভিযোগ কৰিছে।
উল্লেখযোগ্য যে, এনে নাৰকীয় হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যাক্তিক প্ৰশাসনে উচিত তদন্ত কৰি হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী জনাইছে গাঁওবাসীয়ে।
Comments are closed, but trackbacks and pingbacks are open.