দেশত এতিয়া 5Gৰ পিছত মুকলি হ’ব 6G সেৱা

নিউজ ডেস্ক, ২৬ আগষ্টঃ দেশত 5G সেৱা আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে কয় যে চৰকাৰে এই দশকৰ শেষৰফালে 6G আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথন-২০২২ৰ গ্ৰেণ্ড ফিনালেত ভাষণ প্ৰদান কৰি এই ঘোষণা কৰে। তেওঁ কয়, যুৱসকলে কৃষি আৰু স্বাস্থ্য খণ্ডত ড্ৰোন প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰচাৰৰ বাবে নতুন সমাধানৰ ওপৰত কাম কৰিব পাৰে। আমি এই দশকৰ শেষৰ ফালে 6G আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইআছোঁ৷

চৰকাৰে গেমিং আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত ভাৰতীয় সমাধানক উৎসাহিত কৰি আছে। চৰকাৰে যিধৰণে বিনিয়োগ কৰি আছে, সকলো যুৱক-যুৱতীয়ে এই সুবিধা লোৱা উচিত৷

6G NetworkDaily time axomIndiaNarendra Modi