পশ্চিম বৰাগাঁওত শ্বহীদ স্মাৰক আৰু পাৰ্ক নিৰ্মাণ কাৰ্য্যস্থলী পৰিদৰ্শন ড° হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক, ২৬ আগষ্টঃ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ১৮০ কোটি টকাৰ আৰ্থিক ব্যয়ৰে অসম আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত নিৰ্মাণ কৰি থকা গুৱাহাটীৰ পশ্চিম বৰাগাঁওত শ্বহীদ স্মাৰক আৰু পাৰ্ক নিৰ্মাণ কাৰ্য্যস্থলী পৰিদৰ্শন কৰে।

মুকলি থিয়েটাৰ মঞ্চ, পুথিভঁৰালৰ সৈতে প্ৰেক্ষাগৃহ, যোগ কেন্দ্ৰ, চাইকেল ট্ৰেক আদিৰ সম্ভাৰ থাকিব এই শ্বহীদ স্মাৰকত। অহা দুই,তিনিবছৰৰ ভিতৰত এই নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে।

উক্ত পৰিদৰ্শন কালত কেবিনেট মন্ত্ৰী অতুল বৰা, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা , পি ডব্লিউ ডিৰ বিশেষ আয়ুক্ত আৰু সম্পাদক ৰাজ চক্ৰৱৰ্তীও যোগদান কৰে।

AssamDaily time axomGuwahatiHimanta Biswa SarmaIndia