ৰূপহীহাটত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক

নিউজ ডেস্ক, ২৬ আগষ্টঃ ৰূপহীহাটত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জিউমাৰীত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায়। আৰক্ষীৰ এই অভিযানত ৬০টা ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ দুই ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা হয়। ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা পুঠিখাইতীৰ ৱাহিদুল ইছলাম আৰু কাৱৈমাৰীৰ বাবুল হুছেইন বুলি জানিব পৰা গৈছে।
জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ৮৭.৭৮ গ্ৰাম । ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

ArrestAssamDaily time axomDrugsIndiaRupohihat PoliceSiezed