নিউজ ডেস্ক, ২৬ আগষ্টঃ কংগ্ৰেছত আন এক মোক্ষম আঘাত।জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদে কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰে। তেওঁ জম্মু আৰু কাশ্মীৰত দলৰ প্ৰচাৰ সমিতিৰ পৰা পদত্যাগ কৰাৰ কেইদিনমান পিছত এই সিদ্ধান্ত লৈছিল।
জেষ্ঠ্য কংগ্ৰেছ নেতাজনে ছোনিয়া গান্ধীলৈ ৫ পৃষ্ঠাজোৰা পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।
কংগ্ৰেছৰ বিদ্ৰোহী দলৰ সদস্য আছিল গোলাম নবী আজাদ। আজাদ কংগ্ৰেছৰ ভিতৰত জি-২৩ গোটৰ এজন বিশিষ্ট সদস্য যি নেতৃত্বৰ সমালোচনা কৰি আহিছে আৰু এক সাংগঠনিক পৰিৱৰ্তন বিচাৰি আছে।