গ্ৰেনেড আৰু পাকিস্তানৰ পতাকাসহ কাশ্মীৰত সেনাই গ্ৰেপ্তাৰ কৰিছে তিনিটা লস্কৰ উগ্ৰপন্থীক

শুকুৰবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে কাশ্মীৰৰ ছ’পুৰৰ পৰা তিনিজন লস্কৰ-ই-তৈবা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বমাই চ’কত তালাচী চলোৱাৰ সময়ত যৌথ বাহিনীয়ে গোৰিপুৰাৰ পৰা বমাই অভিমুখে অহা তিনিজন সন্দেহযুক্ত লোকক প্ৰত্যক্ষ কৰে।
যেতিয়া তেওঁলোকক ৰৈ যাবলৈ কোৱা হয়, তেতিয়া তেওঁলোকে সেই স্থানৰ পৰা পলাই যাবলৈ চেষ্টা কৰে। নিৰাপত্তা বাহিনীয়ে খেদি খেদি এই তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰৰ পিছত তেওঁলোকক তালাচী চলোৱাৰ লগতে ৩ খন হেণ্ড গ্ৰেনেড, ৯ খন পোষ্টাৰ আৰু ১২ খন পাকিস্তানৰ পতাকা উদ্ধাৰ কৰা হয়। ইয়াৰ পিছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।

প্ৰাথমিক তদন্ত কৰাৰ পিছত আৰক্ষীয়ে গম পায় তিনিটাই লস্কৰ উগ্ৰপন্থী।
আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোকে কাশ্মীৰৰ প্ৰব্ৰজিত শ্ৰমিক, সাধাৰণ জনতা আৰু নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে।

ধৃত উগ্ৰপন্থীকেইটাৰ নাম হৈছে শ্বৰিক আশ্ৰফ, ছাকলেইন মুছতাক আৰু তৌফিক হাছান শ্বেইখ।

GuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment