সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ ফিফাৰ

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ কৰিলে ফিফাই। লগতে ১৭ অনুৰ্ধ মহিলা বিশ্বকাপৰ আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত আহি পৰা বাধাও আঁতৰিল।

শুকুৰবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে ফিফাই এই কথা জনায়। তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ ওপৰত আৰোপ কৰা নিলম্বন প্ৰত্যাহাৰ কৰা হৈছে। ফিফাই নিশ্চিয়তা পোৱাৰ পিছত এই সিদ্ধান্ত লৈছে যে এআইএফএফ কাৰ্যকৰী সমিতিৰ ক্ষমতা গ্ৰহণ কৰিবলৈ গঠন কৰা প্ৰশাসকৰ সমিতিৰ আদেশ বাতিল কৰা হৈছে আৰু এআইএফএফ প্ৰশাসনে এআইএফএফৰ দৈনন্দিন বিষয়ৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিছে।

উল্লেখ্য যে, ১১ৰ পৰা ৩০ অক্টোবৰ ২০২২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ ২০২২ পৰিকল্পনা অনুসৰি ভাৰতত অনুষ্ঠিত হ’ব।

Daily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment