নিউজ ডেস্ক, ২৭ আগষ্টঃ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ অঘটন। এজন অভিযুক্তসহ পত্নীৰ মৃত্যুৰ ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিকিৎসাধীন অৱস্থাতেই মৃত্যু পতি-পত্নীৰ। স্নানাগাৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয় দুয়োৰে মৃতদেহ।পত্নীক হত্যা কৰাৰ পাছত অভিযুক্ত স্বামীৰো চৰম পন্থা। AMCHৰ প্লাষ্টিক চাৰ্জাৰী বিভাগত এই ঘটনা সংঘটিত হয়।
পত্নী মধুস্মিতা দাসক হত্যা কৰি স্বামী ৰঞ্জিত দাসে ল’লে এই চৰম পন্থা।তিনিচুকীয়াৰ এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ৰঞ্জিত দাস। ১৫ আগষ্টত ভৰ্তি কৰোৱা হৈছিল ডিব্ৰুগড়ৰ AMCHত। শুকুৰবাৰে নিশা স্নানাগাৰত বহু সময় ধৰি সোমাই থাকে পতি-পত্নী। দৰ্জা ভাঙি উদ্ধাৰ কৰা হয় দুয়োৰে মৃতদেহ। ৪ জনকৈ আৰক্ষী জোৱানৰ পহৰাৰ মাজতে এই অঘটন সংঘটিত হয়।
Comments are closed, but trackbacks and pingbacks are open.