দেশৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে উদয় উমেশ ললিতে

নিউজ ডেস্ক, ২৭ আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে আজি পুৱা শপত গ্ৰহণ কৰে উদয় উমেশ ললিতে। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ উপস্থিতিত ইশ্বৰৰ নামত শপত গ্ৰহণ কৰি দেশৰ সংবিধান অনুসৰি আইন-শৃংখলা অটুত ৰাখি কাম কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হয় মুখ্য ন্যায়াধীশ উদয় উমেশ ললিত।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ বিচাৰক ৰূপে কাৰ্য্যনিৰ্বাহ কৰা উদয় উমেশ ললিত উচ্চতম ন্যায়ালয়লৈ প্ৰত্যক্ষ পদোন্নতি লাভ কৰা ৬জন জ্যেষ্ঠ পৰামৰ্শদাতাৰ এজন।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে দেশৰ উচ্চতম ন্যায়ালয়ৰ ৪৮ সংখ্যক মুখ্য ন্যায়াধীশ আছিল এন ভি ৰামণ। ২০২১ চনৰ ২৪ এপ্ৰিলৰ পৰা এই দ্বায়িত্ব পালন কৰি আহিছিল এন ভি ৰামাণে।

Chief JusticeDaily time axomDraupaudi MurmuIndiaNew DelhiOathUday Umesh Lalit