নিউজ ডেস্ক, ২৮ আগষ্টঃ আজি নয়দাস্থিত দুটাকৈ চুপাৰটেক টুইন টাৱাৰ ভাঙি পেলোৱা হ’ব। দুপৰীয়া প্ৰায় ২.৩০ বজাত ভাঙি পেলোৱা হ’ব বুলি জানিব পৰা গৈছে।
এই টুইন টাৱাৰ ভাঙিবলৈ খৰচ হ’ব মুঠ ২০ কোটি টকা। আৰু এই সমস্ত ব্যয় বহন কৰিব লাগিব নিৰ্মাণকাৰী কোম্পানী ছুপাৰটেক লিমিটেডে। উচ্চতম ন্যায়ালয়ে দিছে এই ৰায়।
আনহাতে যিসকল লোকে টুইন টাৱাৰত ঘৰ কিনিছিল তেওঁলোককো সম্পূৰ্ণ ধন ঘূৰাই দিব লাগিব। ন্যায়ালয়ে দিয়া ৰায় মতে ঘৰ বুকিং কৰা সময়ৰ পৰা ধৰি ১২ শতাংশ সূতৰ হাৰত গ্ৰাহকসকলক ধন ঘূৰাই দিব লাগিব ছুপাৰটেক লিমিটেডে। ইয়াৰ উপৰি ৰেছিডেণ্ট ৱেলফেয়াৰ এছোচিয়েচনক হাৰাশাস্তিৰ ক্ষতিপুৰণ হিচাপে দিব লাগিব ২ কোটি টকা।
অট্টালিকা দুটাৰ প্ৰতি বৰ্গ ফুট ধ্বংসৰ নামত ব্যয় হ’ব ৯৩৩টকাকৈ। টুইন টাৱাৰটো মুঠ ৭.৫ লোখ বৰ্গফুটৰ পৰিসৰৰ।
উল্লেখ্য যে, দুৰ্নীতিৰ ভেটিত নিৰ্মিত চুপাৰটেক এমাৰ্ল্ড হাউচিং চ’চাইটিৰ এই দুটা টাৱাৰ এপেক্স আৰু চিয়ানৰ উচ্চতা প্ৰায় ১০১-৯৪ মিটাৰ ।২০১৪ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে টুইন টাৱাৰ দুটা অবৈধভাৱে নিৰ্মিত বুলি ঘোষণা কৰে আৰু ইয়াক ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে। পাছত এই বিষয়টো উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰিত হোৱাত আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ স্থগিত ৰাখিছিল যদিও পাছত উচ্চতম ন্যায়ালয়েও ইয়াক ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে।