পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা পৰীক্ষাৰ্থীক মাচুল ঘূৰাই দিয়া হ’ব- হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ২৮ আগষ্টঃ ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৰাণীৰ কাঁহিকুছিত উপস্থিত হৈ  তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত উল্লেখ কৰে যে পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱৰা পৰীক্ষাৰ্থীসকলক মাচুল ঘূৰাই দিয়া হ’ব। লগতে এমাহৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ চেষ্টা কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ২১ আগষ্টত অনুষ্ঠিত হৈছিল চতুৰ্থ বৰ্গৰ পৰীক্ষা। আজি দেওবাৰেও অনুষ্ঠিত হৈছে তৃতীয় বৰ্গৰ পৰীক্ষা।

AssamDaily time axomGuwahatiHimanta Biswa SarmaIndia