আজি অনুষ্ঠিত হৈছে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা

নিউজ ডেস্ক, ২৮ আগষ্টঃ কটকটীয়া নিৰাপত্তাৰ মাজত তৃতীয় বৰ্গৰ পৰীক্ষা,উৎকণ্ঠা, উদ্যমেৰে পৰীক্ষালৈ সাজু ৰাজ্যৰ লাখ-লাখ নিবনুৱা।

ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত তৃতীয় বৰ্গৰ খালী পদ সমূহ পূৰণৰ বাবে প্ৰাৰ্থী বাছনি কৰিবলৈ আজি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা। ৰাজ্যৰ ২৫ খন জিলাৰ ১৯০৩ টা পৰীক্ষা কেন্দ্ৰত ৮ লাখ ৫২ হাজাৰ ১৮১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব এই পৰীক্ষাত।

আজি পুৱা ১০ বজাৰ পৰা ১২বজালৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থী আৰু ২ বজাৰ পৰা ৪ বজালৈ স্নাতক উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত হ’ব পৰীক্ষা।

উল্লেখ্য যে, এই পৰীক্ষাৰ সময়চোৱাত এই জিলা কেইখনত বন্ধ থাকিব ইন্টাৰনেট সেৱা। ইয়াৰ পূৰ্বে ২১ আগষ্টত হৈ যোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়তো বন্ধ ৰখা হৈছিল ইন্টাৰনেট সেৱা।

AssamDaily time axomEducationExamIndia