অনলাইনত আইচক্ৰীম-চিপচ অৰ্ডাৰ দিলে, আহিল কণ্ডমৰ পেকেট !

কইম্বাটুৰৰ এজন বাসিন্দাই ল’ৰা-ছোৱালীৰ বাবে ডেলিভাৰী কোম্পানী এটাৰ জৰিয়তে আইচক্ৰীম আৰু চিপছৰ অৰ্ডাৰ দিছিল। পেকেটটো ঘৰ পোৱাৰ লগে লগে মানুহজনৰ চকু ডাঙৰ হৈ গ’ল। আইচক্ৰীম আৰু চিপছৰ সলনি ডেলিভাৰী বয়জনে কণ্ডমৰ পেকেট এটা দিলেহি। লোকজনে কণ্ডম পেকেটটোৰ এখন ফটো তুলি টুইটাৰত পোষ্ট কৰি সমগ্ৰ বিষয়টো পোহৰলৈ আনে।

পোষ্টটোত উল্লেখ কৰা অনুসৰি, ২৭ আগষ্টত পেৰিয়া স্বামীয়ে শিশুকেইটাৰ হৈ এটা ফুড ডেলিভাৰী কোম্পানীৰ পৰা আইচক্ৰীম আৰু চিপছৰ পেকেট অৰ্ডাৰ কৰিছিল। ডেলিভাৰী আহি পোৱাৰ লগে লগে তেওঁ দেখিলে যে তেওঁলৈ খাদ্যৰ সলনি দুটা পেকেট কণ্ডমৰ পেকেট পঠিয়াই দিয়া হৈছে। ইয়াৰ পিছত বিৰক্ত হৈ টুইটাৰত সেই পোষ্টটো পোষ্ট কৰে পেৰিয়া স্বামীয়ে।

AssambollywoodDaily time axomGuwahatiInternational
Comments (0)
Add Comment