কৈঠালকুছি ৰে’ল ষ্টেচনত ৰেল যাত্ৰী সংস্থাৰ ধৰ্না

অসম ৰেল যাত্ৰী সংস্থাৰ কৈঠালকুছি শাখাৰ উদ্যোগত সোমবাৰে কৈঠালকুছি ৰে’ল ষ্টেচনত বন্ধ হৈ থকা ৰে’ল পুনৰ চলাচল কৰা , কৈঠালকুছিত ষ্টপেজ দিয়া আদিৰ দাবীত ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে । ক’ভিড কালীন সময়ৰে পৰা বন্ধ হৈ থকা ৫৫৮১৮ নম্বৰৰ গুৱাহাটী ৰঙিয়া নিউবঙাইগাও পেছেঞ্জাৰ ৰে’লখন চলাচল নিয়মীয়াকৈ আৰম্ভ কৰা, গুৱাহাটী সংযোগী অত্যন্ত জৰুৰী সেৱা হিচাপে বিবেচিত ১৫৭৭১ নম্বৰৰ আলিপুৰদুৱাৰ ৰঙিয়া গুৱাহাটী ইন্টাৰচিটি এক্সপ্ৰেছ ৰে’লৰ চলাচল আৰম্ভ কৰাৰ লগতে কৈঠালকুছিত ১ মিনিট ষ্টপেজ দিয়াৰ ব্যৱস্থা কৰা, ৫৫৮১০ নম্বৰৰ গুৱাহাটী নিউবঙাইগাও যাত্ৰীবাহী ৰে’লৰ যাত্ৰাপথ কোকৰাঝাৰলৈকে সম্প্ৰসাৰণৰ ব্যৱস্থা কৰাৰ লগতে উক্ত ৰে’লখন সময়মতে চলোৱা, ৰাতিপূৱা ৮ বজাত গুৱাহাটী পোৱাকৈ সৰভোগ – নগাঁও সেৱা চালু কৰা, ছিফুং যাত্ৰীবাহী (১৫৭৫৪) আবেলি ৩-১৫ বজাত গুৱাহাটীৰ পৰা এৰাৰ ব্যৱস্থা কৰা আদি দাবীসমূহ পূৰণাৰ্থে এই প্ৰতিবাদী ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উক্ত দাবীত ৰূপায়ণ কৰা ধৰ্ণা কাৰ্যসূচীত বিভিন্ন শ্লোগানেৰে কৈঠালকুছি ৰে’ল ষ্টেচন উত্তাল কৰি তোলে প্ৰতিবাদ কাৰী সকলে । পিছত কৈঠালকুছি শাখা ৰেল যাত্ৰী সংস্থাৰ সম্পাদক অবৰিন্দ বৰ্মনে আঁতধৰা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত কৈঠালকুছি ৰে’ল যাত্ৰী সংস্থাৰ সভাপতি বিপিন চন্দ্ৰ ভট্টাচাৰ্য, উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদ্ধৱ বৰ্মন, অসম সেনাৰ নলবাৰী জিলা সদস্য জিতুমনি বেজবৰুৱা, ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জ্যোতিৰ্ময় শৰ্মা, কৈঠালকুছি বজাৰ সমিতিৰ সভাপতি দিপক কুমাৰ দাস আদি কেইবাজনেও প্ৰতিবাদী ভাষণ আগবঢ়ায় । ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰি উল্লেখিত দাবী সম্বলিত এখন স্মাৰক পত্ৰ ষ্টেচন মাষ্টৰৰ জৰিয়তে ডি আৰ এম ৰঙিয়া আৰু উত্তৰ পূব সীমান্ত ৰেলৱে মহাপ্ৰবন্ধকলৈ প্ৰেৰণ কৰে ।

AssamDaily time axomGuwahatiInternationalNew DelhiWorld
Comments (0)
Add Comment