ব্রায়ানা আৰু ব্ৰিটানি ডিন আমেৰিকাৰ ভাৰ্জিনিয়াৰ যমজ সন্তান। ২০১৮ চনত য়াছ আৰু জেৰেমি ছালাই নামৰ দুজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জোছ আৰু জেৰেমি যমজ সন্তান। শেহতীয়াকৈ দুয়োজন দম্পতীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। বেলেগ বেলেগ পিতৃ-মাতৃৰ সন্তান হ’লেও দুয়োজন ‘জেনেটিক ভাই’।
তিনিমাহৰ ব্যৱধানত দুজনৰ জন্ম হৈছিল। কিন্তু তেওঁলোকৰ জেনেটিক মেটেৰিয়েল হুবহু দুজন ভাতৃৰ দৰেই। বিজ্ঞানৰ ভাষাত ‘চতুৰ্থ যমজ’ বুলি কোৱা হয়। এই ক্ষেত্ৰত দুয়োটা দম্পতীৰ জিনীয় পদাৰ্থ কাৰ্যতঃ একে। গতিকে, পিতৃ-মাতৃ বেলেগ হ’লেও জিনীয়ভাৱে দুটা সন্তানৰ বাবে একেজন পিতৃ-মাতৃৰ সন্তান হোৱাৰ দৰেই। এইটো ইমানেই বিৰল যে সমগ্ৰ বিশ্বতে মাত্ৰ ৩০০ টা এনে ঘটনা সংঘটিত হৈছে বুলি ব্রায়ানে কয়।
দুই যমজ সন্তানে নিজৰ পাৰিবাৰিক অনুষ্ঠানৰ বিষয়ে নতুন নতুন ভিডিঅ’ বনাইছে। তাতো একেধৰণৰ কাপোৰ পিন্ধে। কেতিয়াবা কোনো সন্তানেই নাজানে প্ৰকৃত পিতৃ-মাতৃ কোন। তেওঁলোকৰ ইনষ্টাগ্ৰামত ২ লাখ ১৯ হাজাৰ ফ’ল’ৱাৰ আছে।