Daily Time Axom

নৃশংস! পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হত্যা কিশোৰীক

21

নিউজ ডেস্ক, ২৯ আগষ্টঃ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই কিশোৰীক হত্যা যুৱকৰ। এই নৃশংস ঘটনা সংঘটিত হৈছে ঝাড়খণ্ডৰ ডুমকা জিলাত। মঙলবাৰে নিশা শুই থকা অৱস্থাতে খিৰিকীৰে পেট্ৰ’ল ঢালি জুই জ্বলাই দিয়া বুলি মৃত্যুৰ পূৰ্বে প্ৰকাশ কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে।

এই ঘটনাত কিশোৰীগৰাকীৰ দেহৰ ৯০ শতাংশ জ্বলি যোৱাত হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও দেওবাৰে হাস্পতালতে মৃত্যু হয় কিশোৰীগৰাকীক। ইতিমধ্যে অভিযুক্ত যুৱক শ্বাহৰুখক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Comments are closed, but trackbacks and pingbacks are open.