ৰামদহ জলপ্ৰপাতত ডুবি কমেও ৬ জন লোকৰ মৃত্যু

ছত্তীশগড়ত ভয়ংকৰ দুৰ্ঘটনা।

ছত্তীশগড়ৰ কাৰিয়া জিলাৰ ৰামদহ জলপ্ৰপাতত ডুবি কমেও ৬ জন লোকৰ মৃত্যু হয়। এজন লোকক উদ্ধাৰ কৰা হৈছে। জিলা দণ্ডাধীশ কুলদীপ শৰ্মাই কয়, ‘উদ্ধাৰৰ কাম শেষ। উদ্ধাৰ হৈছে ৬ টা মৃতদেহ। নিহত আটাইকেইজন লোক মধ্যপ্ৰদেশৰ চিংগৰৌলি জিলাৰ বাসিন্দা।” দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হ’ল তদন্ত কৰি আছে স্থানীয় প্ৰশাসনে।


ছত্তীশগড়ৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ৰামদহ জলপ্ৰপাত। ৰাজধানী ৰাইপুৰৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত এই ঠাইখন। জানিব পৰা মতে, মৃত আটাইকেইজন পৰ্যটক। ১৫ জনীয়া দল তালৈ গৈছিল জলপ্ৰপাতত পিকনিক খাবলৈ। দেওবাৰে জলপ্ৰপাতত গা ধুই থকা অৱস্থাত সন্ধানহীন হয় ৭ জন পৰ্যটক। ততালিকে বিষয়টো আৰক্ষীক খবৰ দিয়া হয়। ইয়াৰ পিছতে প্ৰশাসনে উদ্ধাৰৰ কাম আৰম্ভ কৰে। কিন্তু সেই সময়লৈকে ছয়জন পৰ্যটক পানীত উটি গৈছিল। উদ্ধাৰকাৰীয়ে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

স্থানীয় প্ৰশাসনে দাবী কৰিছে যে জলপ্ৰপাতটোত পৰ্যটকক সতৰ্ক কৰি দিবলৈ এখন ব’ৰ্ড আছে। তাত সুৰক্ষাৰ তথ্য দিয়া হয়। কিন্তু বহু পৰ্যটকে ইয়াক মানি নচলে। আৰু এই গাফিলতিৰ বাবেই গুৰুতৰ দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পায়। সোমবাৰে উদ্ধাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে জানিব পৰা গৈছে মৃত লোকজনৰ পৰিচয়। তেওঁলোকৰ নাম হ’ল – শ্বেতা সিং (২২), শ্ৰদ্ধা সিং (১৪), অভয় সিং (২২)। বাকী সকলক চিনাক্ত কৰাৰ প্ৰয়াস কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, মৰণোত্তৰ পৰীক্ষাৰ মৃতদেহটো পৰিয়ালটোক গতাই দিয়া হ’ব।

AssambollywoodDeathGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment