নিউজ ডেস্ক, ৩০ আগষ্টঃ গুৱাহাটীত ২৩ আগষ্টত মূখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিছিল অত্যাধুনিক ট্ৰেফিক চিগনেল পইন্ট।
যান-বাহন আইন উলংঘাকাৰীক নাকি লগাবৰ বাবে উদ্ধোধন কৰিছিল অত্যাধুনিক ট্ৰেফিক ছিগনেল পইণ্ট। কিন্তু পূৰ্বৰ দৰে এতিয়াও নিশা মহানগৰৰ ৰাজপথত অব্যাহত থাকিল ডাম্পাৰৰ দৌৰাত্ম্য৷ আৰক্ষী বা পৰিবহন বিভাগৰ চকুত নপৰা এই ডাম্পাৰে সোমবাৰে নিশা এনেদৰে ছয়মাইলৰ পৰা VIP সংলগ্ন পথত নতুনকৈ স্থাপন কৰা অত্যাধুনিক ট্ৰেফিক চিগনেল ভাঙি মুহূত্বৰ ভিতৰতে পলায়ন কৰে ৷ পিছে অত্যাধুনিক ট্ৰেফিক চিগনেলত বঢ়োৱা এই CCTV কেমেৰাতে বন্দী হৈ ৰ’ল ডাম্পাৰে নিশা ট্ৰেফিক চিগনেল ভাঙি পেলোৱা দৃশ্য ৷
ভূল দিশৰ পৰা অহা ডাম্পাৰখনে ট্ৰেফিক চিগনেলটো ভাঙি পেলোৱাৰ বাবে বাহনখনৰ নম্বৰ এই পৰ্যন্ত জানিব পৰা নাই আৰক্ষীয়ে ৷
Comments are closed, but trackbacks and pingbacks are open.