Daily Time Axom

ৰাজ্যৰ নূন্যতম সমৰ্থিত মূল্যত ৫ লাখ মেট্ৰিক টন ধান ক্ৰয়

21

গুৱাহাটী, ৩০ আগষ্টঃ অসম চৰকাৰে এইবাৰ ৰাজ্যখনৰ কৃষক ৰাইজৰ পৰা নূন্যতম সমৰ্থিত মূল্য(এমএছপি)ত ধান ক্ৰয় কৰা আঁচনিৰ অধীনত ৫লাখ মেট্ৰিক টন ধান (খাৰিফ,২০২১-২২) ক্ৰয় কৰিছে। সৰ্বমুঠ ৯৭২ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনৰ কৃষকৰ পৰা এই বৃহৎ পৰিমাণৰ ধান ক্ৰয় কৰা হৈছে আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় ৪৩,০০০ কৃষক উপকৃত হৈছে। খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এই কথা সদৰি কৰি কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিগদৰ্শন আৰু সবল নেতৃত্বত এই আঁচনিখন ৰাজ্যখনত অধিক কাৰ্যকৰী ভাৱে ৰূপায়ন কৰাৰ ব্যৱস্থা লোৱা হৈছিল আৰু ইয়াৰ ফলত ৰাজ্যখনৰ কৃষক ৰাইজ লাভান্বিত হৈছে।

নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয় আঁচনি ৰাজ্যখনত সফলতাৰে ৰূপায়নৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা যুগান্তকাৰী সিদ্ধান্ত ফলত ৰাজ্যৰ বৃহৎ সংখ্যক কৃষক উপকৃত হোৱাত মন্ত্ৰী দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে মন্ত্ৰী দাসে ৰাজ্যৰ কৃষকসকল, ধান ক্ৰয়কাৰী সংস্থা, ধান কলৰ গৰাকীকে ধৰি খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপৰি অন্যান্য সংশ্লিষ্ট সকলো বিভাগৰ বিষয়া-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে।

Comments are closed, but trackbacks and pingbacks are open.