নিউজ ডেস্ক, ৩১ আগষ্টঃ আজি গণেশ চতুৰ্থী। দেশজুৰি ব্যাপক প্ৰস্তুতি। গণেশ চতুৰ্থীৰ বাবে সজাই তোলা হৈছে মন্দিৰসমূহো।
এই গণেশ চতুৰ্থীৰ পৰাই আৰম্ভ হয় উৎসৱৰ আৰম্ভণি হয়। প্ৰথমে গণেশ পূজা অনুষ্ঠিত হোৱাৰ পাছত বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। গণেশ পূজাৰ পাছত বাকী পূজাসমূহ যেনে – বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, কালী পূজা।
শুক্লা চতুৰ্থী তিথিৰ পৰা আৰম্ভ হৈ চতুৰ্দশী তিথিত শেষ হয় এই গণেশ চতুৰ্থী। এইবাৰ গণেশ চতুৰ্থীৰ উপৱাস ৩১ আগষ্টত আৰম্ভ হ’ব আৰু ৯ ছেপ্টেম্বৰত শেষ হ’ব।