যোগীঘোপাৰ কাবাইটাৰীৰ মাৰ্কাজুল মা আৰিফ ও ক্কাৰয়ানা মাদ্ৰাছাত উচ্ছেদ অভিযান

নিউজ ডেস্ক, ৩১ আগষ্টঃ পুনৰ ভাঙি দিয়া হ’ল মাদ্ৰাছা। এইবাৰ যোগীঘোপাত মাদ্ৰাছা উচ্ছেদ। যোগীঘোপাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও কাৰিয়ানা মাদ্ৰাছাখন উচ্ছেদ কৰিলে প্ৰশাসনে। বঙাইগাঁও জিলা প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছতে উচ্ছেদ চলোৱা হয় মাদ্ৰাছাখনত।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহাদী মুফতি হাফিজুৰ ৰহমান আছিল মাদ্ৰাছাখনৰ শিক্ষক। হাফিজুৰ ৰহমানে মাদ্ৰাছাখনত শিক্ষকৰ ৰূপত থাকি জেহাদী কাৰ্যকলাপ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী।

AssamDaily time axomEvictionIndia