নয়নমণিলৈ DSP অথবা বন বিভাগৰ ডেপুটি কামাণ্ডেণ্ট পদ

নিউজ ডেস্ক, ৩১ আগষ্টঃ বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছ, ২০২২ত স্বৰ্ণজয়েৰে অসমৰ লগতে সমগ্ৰ ভাৰতবাসীক গৌৰৱাম্বিত কৰা নয়নমণি শইকীয়াক ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে।

মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, কমনৱেলথ গেমছত স্বৰ্ণ জয়ৰ পিছতে নয়নমণি শইকীয়াক দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ পৰা সহকাৰী কমাণ্ডেন্ট পদলৈ পদোন্নতি কৰা হৈছিল।

ইয়াৰ পিছতে তেওঁলৈ সন্মান স্বৰূপে উপ আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

ইয়াৰোপৰিও পদকজয়ী খেলুৱৈ গৰাকীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকা আগবঢ়োৱাৰ ঘোষণা কৰা হৈছে।

AssamDaily time axomIndiaNayanMoni SaikiaSports