Daily Time Axom

চাঞ্চল্য! ৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল নৱম শ্ৰেণীৰ ছাত্ৰী

15

নিউজ ডেস্ক, ৩১ আগষ্টঃ নগাঁৱৰ পুৰনিগুদামত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী।

এই ব্যক্তিজনৰ বিৰুদ্ধে ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
অভিযুক্ত ব্যক্তিজন গায়ন বৈৰাগী গাঁৱৰ ৰামেশ্বৰ হাজৰিকা।

পুৰণিগুদামৰ গায়ন বৈৰাগী গাঁৱৰ ৰামেশ্বৰ হাজৰিকাৰ কামনাৰ বলি হ’ল ১৫ বছৰীয়া কিশোৰী।মহামৃত্যুঞ্জয় মন্দিৰলৈ নিশা মেলা দেখুওৱাবলৈ নিয়াৰ চলেৰে পথাৰৰ মাজত ৰামেশ্বৰে দুষ্কৰ্ম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

নিৰ্যাতিতা কিশোৰীগৰাকী বৰ্তমান পাচঁ মাহৰ অন্তঃসত্তা।চিকিৎসকে নিশ্চিত কৰিছে কিশোৰী গৰাকী পাঁচ মাহৰ অন্তঃসত্বা। পিতৃ-মাতৃৰ দৃষ্টি হীনতাৰ সুযোগ লৈ ৰামেশ্বৰে সংঘটিত কৰিছিল এনে জঘন্য কাণ্ড। লম্পট ৰামেশ্বৰ হাজৰীকাক ইতিমধ্যে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Comments are closed, but trackbacks and pingbacks are open.