মুম্বাইত অনুষ্ঠিত হ’ল জনপ্ৰিয় ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানত ২০২১ চনৰ শ্ৰেষ্ঠ বলীউডৰ ছবিসমূহৰ ভিতৰত অভিনেতা, অভিনেত্ৰী, আৰু বিগত বছৰৰ মনোৰঞ্জন জগতৰ শ্ৰেষ্ঠ ব্যক্তিসকলক নিৰ্বাচন কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানত সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানীৰ অভিনীত ছবি ‘শ্বেৰশ্বাহ’ আৰু বিকি কৌশলৰ ‘সৰ্দাৰ উধাম’ ছবিয়ে দৃষ্টি আকৰ্ষণ কৰে। এই দুখন ছবিয়ে ফিল্মফেয়াৰত সৰ্বাধিক বঁটা লাভ কৰিছে।