নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত নিহত দুজন জৈছ-ই-মহম্মদৰ উগ্ৰপন্থী।
জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ছ’পোৰত বুধবাৰে নিশা সংঘটিত হয় সেনা-উগ্ৰপন্থীৰ মাজত সংঘৰ্ষত নিহত দুজন উগ্ৰপন্থী, আহত হৈছে এজন স্থানীয় নাগৰিকৰ ।
জানিব পৰা মতে, ছ’পুৰৰ বমাই অঞ্চলত সেনাই তালাচী অভিযান চলোৱাৰ সময়ত উগ্ৰপন্থীৰ সৈতে আৰম্ভ হয় সংঘৰ্ষ। সূত্ৰ অনুসৰি গোপন ডেৰাৰ পৰা অহা উগ্ৰপন্থীয়ে ধৰা পৰাৰ আশংকাত প্ৰথমে সেনা জোৱানৰ ওপৰত গুলীচালনা কৰে।
জানিব পৰা মতে নিহত জয়ছ উগ্ৰপন্থী দুজন কাশ্মীৰৰ বাসিন্দা। এজন হৈছে ছ’পুৰৰ মহম্মদ ৰফি। আন এজন পুলৱামাৰ কাইজাৰ আশ্ৰাফ। দুয়োজনেই বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। সেনাৰ সূত্ৰ অনুসৰি উগ্ৰপন্থীয়ে ছ’পুৰত স্থানীয় বাসিন্দাক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল।
যোৱা দুদিনত উপত্যকাটোত ৫ জন উগ্ৰপন্থীৰ নিহত হৈছে। বুধবাৰে সেনাৰ গুলীচালনাত নিহত হয় ৩ জন উগ্ৰপন্থী। বুধবাৰে মাজনিশা পুনৰ দুজন উগ্ৰপন্থী নিহত হয়।