Daily Time Axom

শিশুৰ জীৱন… মৃত্যুৰ আশংকাত ভুগিছে পাকিস্তানত

0 11

ডায়েৰিয়া, কলেৰা, মেলেৰিয়া, ডেংগু আদি ৰোগ পাকিস্তানত দ্ৰুতগতিত বিয়পি পৰিছে। বানপানীৰ বিপৰ্যয়ৰ লগে লগে আৰম্ভ হৈছে এই মাৰাত্মক ৰোগৰ প্ৰাদুৰ্ভাৱ। পাকিস্তানত বানপানীৰ ফলত বহু মানুহৰ মৃত্যু হৈছে, এতিয়া বিয়পি পৰা ৰোগৰ বাবে শিশুসকল আটাইতকৈ বেছি বিপদত পৰিছে। এই সন্দৰ্ভত শুকুৰবাৰে সতৰ্কবাণী দিছে ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনিচেফে।

পাকিস্তানৰ বানপানীৰ পিছত বিয়পি পৰা ৰোগৰ বাবে বহু শিশুৰ জীৱন মৃত্যুৰ আশংকাত ভুগিছে ​​বুলিও সংস্থাটোৱে জানিবলৈ দিয়ে। এই ৰোগত আক্ৰান্ত হৈ এতিয়ালৈকে প্ৰায় ৪০০ লোকৰ মৃত্যু হৈছে।

বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰায়বোৰ অঞ্চলত প্ৰচণ্ড বাৰিষা বৰষুণৰ ফলত হোৱা আকস্মিক বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা ১১৮৬জনলৈ বৃদ্ধি পায়। সাহাৰ্য চলি আছে, উদ্ধাৰকাৰী দলটোৱে ক্ষতিগ্ৰস্ত লোকসকলক সহায় সামগ্ৰী যোগান ধৰাৰ প্ৰয়াসত নিয়োজিত হৈ আছে। বেলুচিস্তান আৰু সিন্ধ প্ৰদেশকে ধৰি দেশখনৰ এক তৃতীয়াংশ অঞ্চল বানপানীৰ ফলত ডুব গৈছে। দুৰ্যোগৰ সৈতে মোকাবিলা কৰাৰ মূল সংস্থা ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত বান সংক্ৰান্তীয় ঘটনাত ১১৮৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৪৮৯৬ জন লোক। বানপানীৰ ফলত ৫,০৬৩ কিলোমিটাৰ পথৰ ক্ষতি হোৱাৰ লগতে ১,১৭২,৫৪৯টা বাসগৃহ আংশিক বা সম্পূৰ্ণৰূপে ধ্বংস হৈছে। একে সময়তে ৭ লাখ ৩৩ হাজাৰ ৪৮৮ টা গৰু নিহত হৈছে।

Leave A Reply

Your email address will not be published.