Daily Time Axom

ৰাজু শ্ৰীবাস্তৱক পুনৰ ভেন্টিলেচনলৈ লৈ যোৱা হৈছে

0 9

তেওঁৰ জ্বৰ আছিল, তাপমাত্ৰা কমেও ১০০ ডিগ্ৰী ফাৰেনহাইট , গতিকে ৰিস্ক লোৱা নাই। বিখ্যাত কমেডিয়ান-অভিনেতাগৰাকী হাৰ্ট এটেকত আক্ৰান্ত হৈ দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ভেন্টিলেচনত ১৫ দিন অচেতন হৈ আছিল তেওঁ। ডাক্তৰ সকলে আশা এৰি দিছিল। কিন্তু সকলোৰে সকাহৰ বাবে ৰাজুৰে চেতনা ঘূৰাই পায় আৰু তেওঁ ভেন্টিলেচনৰ পৰা ওলাই আহে। কিন্তু তেওঁক পুনৰ জ্বৰৰ বাবে ভেণ্টিলেচনলৈ লৈ যোৱা হয়।
কমেডিয়ানৰ পি আৰ অ’ গৰ্বিথ নাৰাঙে কয়, তেওঁৰ চেতনা আছে, হাত-ভৰিৰ গতি কিছু উন্নত হৈছে।
যোৱা ১০ আগষ্টত জিমত ব্যায়াম কৰি থাকোঁতে ৰাজু শ্ৰীবাস্তৱৰ হাৰ্ট এটেক হৈছিল। তদুপৰি তেওঁক এইমছ হাস্পতাললৈ লৈ যোৱা হয়। ২৫ আগষ্টৰ পুৱা প্ৰায় ৮:১০ বজাত তেওঁ চেতনা লাভ কৰে। তেখেতৰ পৰিয়ালৰ লগতে শুভাকাংক্ষী সকলল শান্তিত থাকক।

Leave A Reply

Your email address will not be published.