টাইৱানক ১১ কোটি ডলাৰৰ অস্ত্ৰ বিক্ৰী কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাই। টাইৱানৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে শুকুৰবাৰে ৱাশ্বিংটনৰ পৰা এই ঘোষণা কৰা হৈছে। টাইৱানক লৈ চীনৰ সৈতে উত্তেজনাৰ মাজতে আমেৰিকাই এই ঘোষণা কৰিছে।
শেহতীয়াকৈ আমেৰিকাৰ কংগ্ৰেছৰ অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণৰ পৰাই আৰম্ভ হৈছিল চীন আৰু আমেৰিকাৰ মাজত উত্তেজনা। টাইৱানৰ চাৰিওফালে বেইজিঙে বৃহৎ পৰিসৰৰ সামৰিক অনুশীলন চলায়। এনে অৱস্থাত আমেৰিকাই টাইৱানক অস্ত্ৰ বিক্ৰী কৰাৰ কথা ঘোষণা কৰে।
টাইৱানক আমেৰিকাই ঘোষণা কৰা নতুন অস্ত্ৰ বিক্ৰীৰ ভিতৰত আছে ৬৬.৫ মিলিয়ন ডলাৰৰ ৰাডাৰ ৱাৰ্নিং চিষ্টেম। ইয়াৰ জৰিয়তে অহা ক্ষেপণাস্ত্ৰ ধৰা পেলাব পৰা যায়। ইয়াৰ উপৰিও ৩৫ মিলিয়ন ৫ কোটি ডলাৰৰ ৬০টা হাৰ্পুন মিছাইল আছে, যিবোৰে যিকোনো জাহাজ ডুবাই পেলাবলৈ সক্ষম।
আমেৰিকাৰ বিদেশ বিভাগে টাইৱানক অস্ত্ৰ বিক্ৰী কৰাত অনুমোদন জনায়। মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে, এই অস্ত্ৰসমূহ টাইৱানৰ নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
তেওঁ কয় যে আমি বেইজিঙক টাইৱানৰ ওপৰত সামৰিক, কূটনৈতিক আৰু অৰ্থনৈতিক হেঁচা পৰা আঁতৰি আহিবলৈ আহ্বান জনাইছো। আমি বিচাৰো যে চীনে ইয়াৰ পৰিৱৰ্তে টাইৱানৰ সৈতে অৰ্থপূৰ্ণ আলোচনা কৰক।
কিন্তু টাইৱানক এই অস্ত্ৰ বিক্ৰী কৰিবলৈ হ’লে আমেৰিকাৰ কংগ্ৰেছৰ অনুমোদনৰ প্ৰয়োজন হ’ব। অৱশ্যে কংগ্ৰেছৰ দুয়োটা দলে টাইৱান বিষয়টোক সদায় সমৰ্থন কৰি আহিছে। গতিকে ধাৰণা কৰা হৈছে যে অতি সোনকালে কংগ্ৰেছে এই অস্ত্ৰ-শস্ত্ৰসমূহ টাইৱানক নতুনকৈ বিক্ৰী কৰাত অনুমোদন দিব।