Daily Time Axom

চাঞ্চল্য! পাৰিবাৰিক কন্দলক লৈ পত্নীৰ মুখত এচিড ঢালিলে স্বামীয়ে

17

নিউজ ডেস্ক, ৩ ছেপ্তেম্বৰঃ ৰাজ্যত সংঘটিত হৈছে এচিড আক্ৰমণৰ এক ভয়ংকৰ ঘটনা।স্বামীয়ে এচিড ঢালিলে নিজ পত্নীৰ মুখত।

দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এচিড আক্ৰমণৰ ঘটনা।খাৰুপেটীয়াৰ ৰামনগৰৰ অমৰ ধৰ নামৰ এগৰাকী ব্যক্তিয়ে পত্নীৰ মুখত এচিড ঢালি দিয়ে।

পাৰিবাৰিক কন্দলৰ বাবেই এইদৰে এচিড ঢলাৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।এচিড আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় উৰ্মিলা ধৰ নামৰ মহিলাগৰাকী।

বৰ্তমান সংকটজনক অৱস্থাত জিএমচিত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।ইতিমধ্যেই খাৰুপেটীয়া আৰক্ষীয়ে ধৃত অমৰ ধৰক আটক কৰি জেললৈ প্ৰেৰণ কৰে৷

Comments are closed, but trackbacks and pingbacks are open.