Daily Time Axom

স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ উপ আৰক্ষী অধীক্ষক পদ, মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ডিএছপি পদৰ নিযুক্তি পত্ৰ

11

নিউজ ডেস্ক, ৩ চেপ্টেম্বৰঃ কমনৱেল্থ গেমছত স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ ডিএছপি পদৰ নিযুক্তি পত্ৰ। মুখ্যমন্ত্ৰীয়ে নয়নমণিক প্ৰদান কৰিলে উপ–আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্ৰ। অসম চৰকাৰে নয়নমণিলৈ আগবঢ়ালে ৫০ লাখ টকা।

৮ গৰাকী খেলুৱৈক ক্ৰীড়া পেঞ্চন প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ৮ গৰাকী খেলুৱৈ ক্ৰমে অমৃত কান্তা সিংহ, নতুন সিনহা, ৰঞ্জিত ৰাজকুমাৰ, মৌচুমী ভূঞা, শ্যামলিনি দেৱী, ৰজনী দেউৰী, মনিকংকনা দত্ত বৰুৱা আৰু পল্লৱী দত্ত বৰুৱাক চৰকাৰে প্ৰদান কৰিলে পেন্সন। ৪ গৰাকী সৰ্বশ্ৰেষ্ঠ এনচিচি কেডেটক বীৰ চিলাৰায় বঁটা প্ৰদান কৰে।

Comments are closed, but trackbacks and pingbacks are open.