ৰাজ্যত বন্ধ হ’ল ১,৭১০ খন প্ৰাথমিক বিদ্যালয়

নিউজ ডেস্ক,৪ ছেপ্তেম্বৰঃ অতি শীঘ্ৰেই ৰাজ্যত বন্ধ হ’ল ১,৭১০ খন প্ৰাথমিক বিদ্যালয়। বন্ধ হ’বলগীয়া বিদ্যালয়কেইখন হ’ল- বৰপেটা জিলাত ৬২ খন, বঙাইগাঁৱত ৬৮ খন, কাছাৰত ১২৯ খন, দৰঙত বন্ধ হ’ল ৬৪ খন বিদ্যালয়। ৮৫ খন বিদ্যালয় বন্ধ হ’ল ধেমাজি জিলাত। ধুবুৰী জিলাত বন্ধ হ’ল ৫৬ খন বিদ্যালয়, ডিব্ৰুগড়ত ৬০খন, গোৱালপাৰাত ৮৯ খন প্ৰাথমিক বিদ্যালয় বন্ধ। গোলাঘাটত ৪৫ খন, হাইলাকান্দিত ৫৯খন, যোৰহাটত বন্ধ হ’ল ১৮২ খন বিদ্যালয়।

কামৰূপ(ম)ত ৯৪খন উচ্চ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত তলা। তিনিচুকীয়াত ৫০খন, শোণিতপুৰত বন্ধ হ’ল ১০৫খন বিদ্যালয়। শিৱসাগৰ জিলাত বন্ধ ১৩৬ খন বিদ্যালয়, নলবাৰীত ১৩৪খন, নগাঁও জিলাত ৯০খন, মৰিগাঁৱত ১৪৮ খন আৰু কৰিমগঞ্জত বন্ধ হ’ল ৪৯খন বিদ্যালয়।

AssamDaily time axomGuwahatiHimanta Biswa SarmaIndiaRanoj PeguSchool Closed