Daily Time Axom

হাৰিয়ানাৰ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা, ছাত্ৰসহ চাৰিজন লোক আহত

14

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ হাৰিয়ানাৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা। এই ঘটনাত দুজন ছাত্ৰসহ প্ৰায় চাৰিজন লোক আহত হয়। বাতৰি অনুসৰি, ঘটনাটো কোনো আৰ্থিক বিবাদৰ বাবে সংঘটিত হৈছিল বুলি আৰক্ষীয়ে অনুমান কৰিছে।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য বান্দাৰু দত্তাত্ৰেয়ে বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি চৌহদ এৰি যোৱাৰ অলপ পিছতে গুলীচালনাৰ ঘটনা সংঘটিত হয়। আনহাতে ঘটনাৰ লগত তিনিজন ব্যক্তি জড়িত থকা বুলি ধাৰণা কৰিছে আৰক্ষীয়ে।

Comments are closed, but trackbacks and pingbacks are open.