জম্মু-কাশ্মীৰত আজি গোলাম নবী আজাদৰ নতুন দল গঠনৰ ঘোষণা

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই জম্মু–কাশ্মীৰত এক নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰে।

দেওবাৰে এক ৰাজনৈতিক ৰেলী আয়োজনেৰে তেখেতে নিজ দল গঠনৰ বিষয়ে ঘোষণা কৰে। প্ৰাক্তন জম্মু–কাশ্মীৰৰ মুখ্যমন্ত্ৰী গোলাম নবী আজাদে বিগত সপ্তাহত অতি সোনকালে এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ কথা কৈছিল। নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জম্মু আৰু কাশ্মীৰত ইয়াৰ প্ৰথম গোটটো আৰম্ভ কৰা হ’ব।

দলটোৰ নেতৃত্বাধীকাৰী আজাদৰ বিজেপি নাইবা জম্মু–কাশ্মীৰৰ মুখ্য দল নেচনেল কনফাৰেঞ্চ বা পিডিপিৰ সৈতে যোগ হোৱাৰ সম্ভাৱনা আছে। কিন্তু আজাদে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁ বিজেপিৰ সৈতে লগ নহয় আৰু ইয়াৰ দ্বাৰা তেওঁৰ নাইবা বিজেপিৰ কোনো লাভ নাই বুলি জানিবলৈ দিয়ে।

Daily time axomGulam Nabi AzadIndiaJammu&Kashmirpolitics