নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ এছিয়া কাপ ২০২২ৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ আজি দ্বিতীয়খন খেল। প্ৰথমখন খেল ২৮ আগষ্টত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল য’ত ভাৰতে অন্তিম অভাৰৰ থ্ৰিলাৰত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিছিল।
আজি অনুষ্ঠিত হ’বলগীয়া খেলখন ভাৰতীয় সময় মতে সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ’ব আৰু টছ ভাৰতীয় সময় মতে সন্ধিয়া ৭:০০ বজাত অনুষ্ঠিত হ’ব। দুয়োপক্ষই আকৌ এবাৰ এছিয়া কাপ ২০২২ৰ ফাইনেলত খেলিবলৈ পাব, যদিহে দুয়োটি দলে চুপাৰ ৪ পৰ্যায়ত তেওঁলোকৰ ৩ খন খেলৰ ২ খনত জয়লাভ কৰে।
Comments are closed, but trackbacks and pingbacks are open.