নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ হাজোৰ দলৈটোলাত উত্তপ্ত পৰিস্থিতি। এটা হত্যাকাণ্ডক কেন্দ্ৰ কৰি হাজোৰ দলৈটোলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চাৰিজনীয়া দুৰ্বৃত্ত ভাতৃৰ আক্ৰমণত নিহত হৈছে মজিবৰ ৰহমান নামৰ এজন লোক।
গৰুৱে পথাৰৰ খেতি খোৱাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। ঘটনা অনুসৰি, কেইদিনমান পূৰ্বে মজিবৰ ৰহমান নামৰ লোকজনৰ পথাৰত থকা কুঁহিয়াৰ আৰু কলৰ খেতি খাই নষ্ট কৰিছিল ৰিয়াজুল আলী নামৰ লোকজনৰ পোহনীয়া গৰুটোৱে। এই বিষয়ে খেতিৰ গৰাকী মজিবৰ ৰহমানে অভিযোগ কৰিছিল গৰুৰ গৰাকী ৰিয়াজুলক।
কিন্তু ইয়াৰ পিছতেই গৰুৰ গৰাকী ৰিয়াজুলে তিনি ভাতৃ জাকিৰ আলী, বাবুল আলী আৰু ছফিদ আলীৰ সৈতে মিলি খেতিৰ গৰাকী মজিবৰ ৰহমানক যাঠী–জোং লৈ প্ৰহাৰ কৰে। এই ঘটনাৰ পিছতে সংকটজনক অৱস্থাত মজিবৰক GMCH ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় লোকজনৰ।
Comments are closed, but trackbacks and pingbacks are open.