ৰাজ্যৰ ২২ গৰাকী কৃতী শিক্ষকলৈ ৰাজ্যিক বঁটা

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ ৰাজ্যৰ শিক্ষা বিভাগে ঘোষণা কৰিলে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ তালিকা। সেই অনুসৰি মুঠ ২২ গৰাকী শিক্ষকে এইবাৰ লাভ কৰিছে এই বঁটা। কেন্দ্ৰীয় শিক্ষক দিৱসত প্ৰদান কৰা হ’ব এই বঁটা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব এই বঁটা।

মাধ্যমিক শিক্ষাত শিৱসাগৰ জিলাত অমৰজ্যোতি বৰঠাকুৰ, মনোমোহন দেৱ নাথ, লখিমপুৰত অনিৰুদ্ধ ফুকন, ধেমাজিত বন্দনা হাজৰিকা, কাছাৰত নিৰুপম নাথ, গোৱালপাৰাত ছজিমুদ্দিন আহমেদ, দৰঙত অৰুণ চন্দ্ৰ নাথ, বিশ্বনাথত জগদীশ চন্দ্ৰ শৰ্মা, গোলাঘাটত চিদানন্দ পাঠক, ধেমাজিত সুনিল কোচ, ডিব্ৰুগড়ত উদয় শংকৰ গগৈ, বঙাইগাঁৱত মীনাকুমাৰী মণ্ডল আৰু নলবাৰী জিলাত নৃপেন দত্তই লাভ কৰিছে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা।

উচ্চ প্ৰাথমিকত শোণিতপুৰৰ দশমুকুত কেওট আৰু বঙাইগাওঁ জিলাত মহম্মদ য়াছিন আনছাৰিয়ে লাভ কৰিছে কৃতী শিক্ষকৰ বঁটা।

আনহাতে নিম্ন প্ৰাথমিকত বিশ্বনাথ জিলাৰ ৰিছু ইংতী, কামৰূপত সৰস্বতী দত্ত, লখিমপুৰত অঞ্জনা কোচ, ডিব্ৰুগড়ত দিপালী ডেকা, চৰাইদেউত জীতেন দাস, দৰঙত কুসুম হাজাৰিকা আৰু কামৰূপত মৃগেন্দ্ৰ কলিতা।

AssamAwardDaily time axomEducationIndia