নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। নলবাৰীৰ সুৰাদিত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক৷ গোপন সূত্ৰৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে আটক কৰে দুয়োজনকে৷ আটকাধীন দুই সৰবৰাহকাৰী বাটচৰৰ আব্দুল আলী আৰু বৰ্ণীবাৰীৰ চফিকুল ইছলাম বুলি জানিব পৰা গৈছে৷
ধৃত সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ২১ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰে৷ বৰ্তমান দুই সৰবৰাহকাৰীক নলবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷