এইবাৰ দুই দুষ্কৃতিকাৰীয়ে চুৰীৰে আক্ৰমণ। দেওবাৰে এই ভয়ংকৰ আক্ৰমণত কমেও ১০ জন লোকে প্ৰাণ হেৰুৱালে। আন বহু লোক গুৰুতৰভাৱে আহত হৈছে।
দুজন অপৰাধী জেমছ স্মিথ ক্ৰী নেচন আৰু ছাস্কাচেৱানৰ ৱেল্ডনৰ ওচৰত, দুটা বেলেগ বেলেগ ঠাইত আক্ৰমণ কৰে। ইতিমধ্যে দোষীক চিনাক্ত কৰা হৈছে। এজন ডেমিয়েন (৩০) আৰু আনজন মাইলছ চেণ্ডাৰছন (৩১)। কানাডাৰ আৰক্ষীয়ে অপৰাধী দুজনক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰিছে তালাচী অভিযান।
ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচৰ সহকাৰী আয়ুক্ত ৰ’ণ্ডা ব্লেকম’ৰে সংবাদ মাধ্যমক জনোৱা মতে, দেওবাৰে দাৰ আক্ৰমণত ১৫ জনতকৈ অধিক লোক আহত হৈছে। ১৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে একাংশৰ অৱস্থা সংকটজনক। আক্ৰমণৰ পিছত দুই অপৰাধী এখন ক’লা গাড়ীত উঠি পলায়ন কৰে। ইতিমধ্যে মহানগৰীৰ বিভিন্ন অঞ্চলত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। তাৰ পিছত জেমছ স্মিথ ক্ৰী নেচনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে এই আক্ৰমণক লৈ দুখ প্ৰকাশ কৰিছে। তেওঁ নিহত সকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।