ভাৰতীয় মূলৰ ঋষি সুনক পৰাস্ত কৰি ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে লিজ ট্ৰাছ

ভাৰতীয় মূলৰ ঋষি সুনক পৰাস্ত কৰি ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে লিজ ট্ৰাছ। সোমবাৰে শাসকীয় ৰক্ষণশীল দলে (কনজাৰ্ভেটিভ পাৰ্টি বা ট’ৰী) ভোটদানৰ ফলাফল ঘোষণা কৰে। ২০ হাজাৰৰো অধিক ভোটত জয়ী হৈছিল। মুঠ বৈধ ভোটৰ ভিতৰত লীজে লাভ কৰে ৮১ হাজাৰ ৩২৬টা ভোট। সুনাক ৬০ হাজাৰ ৩৯৯।

কিন্তু এই ভোটদানত ব্ৰিটিছ নাগৰিকে অংশগ্ৰহণ কৰিব নোৱাৰিলে। দেশৰ শাসক দল কনজাৰ্ভেটিভ পাৰ্টিৰ ১ লাখ ৬০ হাজাৰ সদস্যই প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ উত্তৰাধিকাৰী হিচাপে লিজক “বিশেষ পৰিস্থিতিত” ভোটদান কৰে। পাৰ্টিগেট কেলেংকাৰীৰ অভিযুক্ত বৰিছে আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ পিছত লীজৰ ঠাইত দলটোৱে নিযুক্তি দিব। মাৰ্গাৰেট থেচাৰ আৰু থেৰেছা মেৰ পিছত ১০ ডাউনিং ষ্ট্ৰীট দখল কৰা তৃতীয়গৰাকী মহিলা হ’ব তেওঁ।

AssamDaily time axomIndiaInternationalNew DelhipoliticsWorld
Comments (0)
Add Comment