দিল্লীৰ ৰাজপথ আৰু চেণ্ট্ৰেল ভিষ্টা লনৰ নাম সলনি

দিল্লীৰ ৰাজপথ আৰু চেণ্ট্ৰেল ভিষ্টা লনৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈছে মোদী চৰকাৰে। সোমবাৰে কেন্দ্ৰই জনোৱা মতে, এতিয়াৰে পৰা এই বিখ্যাত পথটো  কর্তব্য ​​পথ নামেৰে জনাজাত হ’ব। মঙলবাৰে এই নাম সলনিৰ প্ৰয়োজনীয়তাক লৈ এখন বিশেষ বৈঠক আহ্বান কৰা হয়।

এইবাৰৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা দেশবাসীলৈ এক বিশেষ বাৰ্তা প্ৰদান কৰে। তেওঁ কয়, ঔপনিৱেশিক মানসিকতাৰ পৰা ওলাই অহাৰ সময় আহি পৰিছে৷ তেওঁৰ ভাষণত ব্ৰিটিছ যুগত নিৰ্মিত বিভিন্ন বস্তুৰ আৰ্হি সলনি হোৱাৰ ইংগিত পোৱা গৈছিল। তেওঁ কয়, ২০৪৭ চনলৈ বহু দায়িত্ব হাতে হাতে পালন কৰিব লাগিব৷ শেহতীয়াকৈ নৌসেনাৰ পুনৰ সালসলনিতো একেই বাৰ্তা পোৱা গৈছে। সলনি হৈছে ভাৰতীয় নৌসেনাৰ পতাকা। মাৰাঠা বীৰ ছাত্রপতি শিৱাজীৰ ‘ৰাজমুদ্ৰাক ভাৰতীয় নৌসেনাৰ পতাকাত ব্ৰিটিছ যুগৰ প্ৰতীক ছেইণ্ট জৰ্জ ক্ৰচৰ ঠাইত স্থাপন কৰা হৈছে।

Daily time axomDeathGuwahatiIndiaNew DelhipoliticsWorld
Comments (0)
Add Comment