Daily Time Axom

বংলাবাৰী-চি গাঁৱত এটি অঙ্গনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

0 17

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ “মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত আঁচনি” (MGNREGA) ৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ অধীনত বিটিআৰ অঞ্চলৰ চাৰিওখন জিলাতে মুঠ ৭১২ টা অঙ্গনবাড়ী কেন্দ্ৰৰ স্থাপন কৰিবৰ বাবে এক অভিলাষী পদক্ষেপ লৈছে ৷ এইক্ষেত্ৰত বিটিআৰৰ CEM প্ৰমোদ বড়ো আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ EM গোবিন্দ বসুমতাৰীৰ পূৰ্ণ সহযোগিতা আজি কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বংলাবাৰী-চি গাঁৱত এটি অঙ্গনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ অসমৰ আন জিলাসমূহতো এই পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে মন্ত্ৰীগৰাকীয়ে চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলক ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ ৷

Leave A Reply

Your email address will not be published.