কোকৰাঝাৰত অনুষ্ঠিত হোৱা কেবিনেটৰ বিশেষ সিদ্ধান্তঃ শীঘ্ৰেই প্ৰকাশ পাব নিযুক্তিৰ বিজ্ঞাপন

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰঃ আজি বড়োলেণ্ড প্ৰাদেশীয় পৰিষদ বিধানসভাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক।

কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ সুন্দৰ আয়োজনৰ বাবে BTRৰ মুৰব্বী, কাৰ্যবাহী সদস্য তথা এম চি এলসকলক ধন্যবাদ জ্ঞাপন কৰে।

আজিৰ কেবিনেটত লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হৈছে-

১২ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া বিধানসভাৰ অধিৱেশনত পুৰণিকলীয়া আইন বাতিল কৰা হ’ব ৷ ৪৮খন পুৰণিকলীয়া আইন বাতিল কৰাৰ সিদ্ধান্ত কেবিনেটত লোৱা হৈছে ৷

District Police Accountability bill অনাৰ সিদ্ধান্ত। এই আইনৰ দ্বাৰা জিলা পৰ্যায়ত আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিচাৰ কৰিব পৰা যাব।

মাৰ্ঘেৰিটাৰ Coal Indiaক পূৰ্ণাংগ ৰূপত পৰিচালনা কৰাৰ সিদ্ধান্ত।

আউনীআটী বিশ্ববিদ্যালয় স্থাপনৰ বাবে এখন আইন সদনত উত্থাপন কৰা হ’ব।

বড়ো মাধ্যমৰ বিদ্যালয়ত বড়ো ভাষা দ্বাদশ শ্ৰেণীলৈ ব্যৱহূত হ’ব।

বড়ো ভাষাৰ অধ্যাপক-অধ্যাপিকা নিযুক্তিৰ বাবে পূৰ্বেতে থকা নিয়ম সংশোধন কৰা হৈছে৷

বড়ো ভাষাত Post Graduate হ’লে নিযুক্তি পাব। ইয়াত ST বুলি কোনো কথা নাথাকিব।

BTRৰ অঞ্চলৰ দহখন কলেজ প্ৰাদেশিকীকৰণৰ অনুমতি দিয়া হয়। বড়ো শান্তি চুক্তিৰ অংশ ৰূপে দৰমহা BTR প্ৰশাসনে দিব ৷

পথ মেৰামতিৰ বাবে BTRত মুখ্যমন্ত্ৰীৰ Goodwill Mission আৰম্ভ কৰিব ৷ ইয়াৰ জৰিয়তে অন্তত দহটা ৰাস্তা বনোৱা হ’ব ৷ ৰাস্তাবোৰ অতি কমেও দহ কিলোমিটাৰৰ হ’ব ৷ এই বিত্তীয় বৰ্ষত ২৫০ কোটি টকা পাব আৰু অহা বিত্তীয় বৰ্ষত ২৫০ কোটি পাব।

মন্ত্ৰী আৰু বিষয়াক লৈ তিনিদিনীয়াকৈ কাজিৰঙাত চিন্তন বৈঠক আয়োজনৰ সিদ্ধান্ত। ২৪ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এই বৈঠক। বহুকেইজন বিশেষজ্ঞক বৈঠকলৈ আমন্ত্ৰণ কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে এই চিন্তন বৈঠক আয়োজন কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত বছৰত এবাৰ দুবাৰ এই বৈঠক আয়োজন কৰা হ’ব।

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, ২২ ছেপ্টেম্বৰত বাৰ হাজাৰক চৰকাৰী চাকৰিৰ নিযুক্তি দিয়া হ’ব। ২৩ ছেপ্টেম্বৰত জলমিত্ৰৰ নিযুক্তি দিয়া হ’ব। ১০ হাজাৰ পদত পুনৰ নিযুক্তি দিয়াৰ বিষয়ে জানিবলৈ APDCLত পাঁচ হাজাৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই নিযুক্তি প্ৰক্ৰিয়াৰ অব্যাহত ৰাখি এই বছৰতে এক লাখ নিযুক্তি সম্পূৰ্ণ কৰা হ’ব ৷

AssamDaily time axomHimanta Biswa SarmaIndiaKokrajhar