নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ অন্যতম কিংবদন্তী সুৰেশ ৰাইনাই সকলো ধৰণৰ ক্ৰিকেটক বিদায় জনায়।
ৰাইনা আই পি এলৰ ইতিহাসৰ শীৰ্ষ স্কোৰিং খেলুৱৈসকলৰ মাজৰ এজন। দলৰ সংখ্যা ৮ ৰ পৰা ১০ লৈ বৃদ্ধি হোৱা স্বত্বেও তেওঁ ২০২২ চনৰ বৃহৎ নিলামত বিক্ৰী হোৱা নাছিল।
শ্ৰী লংকা,দক্ষিণ আফ্ৰিকাৰ টী-২০ লীগৰ বাবেই ৰাইনাই ঘৰুৱা ক্ৰিকেট আৰু আই পি এলৰ পৰা মংগলবাৰে অৱসৰ অৱসৰ ঘোষণা কৰিছে।
উল্লেখ্য যে ৰাইনাই কিছুবছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া কেৰিয়াৰত ২২৬ খন মেচত ৫৬১৫ ৰাণ কৰাৰ লগতে ৫ টা শতক সহ ৩৬ টা অৰ্ধশতক অৰ্জন কৰিছিল।
Comments are closed, but trackbacks and pingbacks are open.