Daily Time Axom

মহানগৰীত পুনৰ এনকাউণ্টাৰৰ ঘটনা

18

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰঃ পুনৰ মহানগৰীত আৰক্ষীৰ গুলীচালনাৰ ঘটনা।আৰক্ষীৰ গুলীত নিহত এটা ডকাইত।
সংকটজনক অৱস্থাত GMCHলৈ অনাৰ পথতে মৃত্যু হয় ডকাইটো।

গুলীবিদ্ধ হৈ নিহত হোৱা ডকাইতটোৰ নাম গোবিন্দ ৰায়। মঙলবাৰে বেলতলাত এজন লোকৰ পৰা ৩ লাখ টকা লুট কৰাৰ চেষ্টা কৰিছিল ডকাইটোৱে।

মঙ্গলবাৰে ৰাইজে গোবিন্দক আটক কৰি গতাই দিছিল আৰক্ষীক।আৰক্ষীক গতাই দিয়াৰ পিছত নিশা আৰক্ষীয়ে গোবিন্দক লৈ তেওঁৰ সহযোগীৰ সন্ধানত গৈছিল।

সেই সময়তেই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল গোবিন্দই।ফলত আৰক্ষীৰ দুটাকৈ গুলী লাগে গোবিন্দৰ দেহত।গুলীবিদ্ধ গোবিন্দক নিশাই জি এম চি এইছত ভৰ্তি কৰা হৈ যদিও মৃত্যু হয়।জানিব পৰা মতে গোবিন্দ ৰায়ৰ ঘৰ কলকাতাত।

Comments are closed, but trackbacks and pingbacks are open.