মহানগৰীৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ড, অগ্নিকাণ্ডত ৪খন চাৰিচকীয়া, ৯খন দুচকীয়া বাহন ভস্মীভূত

নিউজ ডেস্ক, ৭ ছেপ্তেম্বৰঃ বুধবাৰে পুৱতি নিশা মহানগৰীৰ বশিষ্টত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। মহানগৰীৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বালুঘাটত থকা ISUZU ৰ শ্ব’ৰূমত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

ISUZU-বেনেলি শ্ব’ৰুমত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ৪ খন ISUZU বাহন আৰু ৯খন বেনেলি বাহন অগ্নিকাণ্ডত ভস্মিভূত হৈছে। জানিব পৰা মতে প্ৰায় ১০ কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে এই অগ্নিকাণ্ড।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ ব্যৱস্থা কৰে। বৈদ্যুতিক বিজুতি ঘটিয়েই জুই লগাৰ সন্দেহ কৰা হৈছে।

AssamDaily time axomGuwahatiIndiaMassive fire