৩৩ বছৰ পাৰ হ’ল৷ ২০২২ চনতো গীত, চলচ্চিত্ৰ কাহিনী, প্ৰেম – একোৱেই পুৰণি হোৱা নাই। ১৯৮৯ চনত মুক্তি লাভ কৰিছিল আশিকী। আজিও সেই ছবিখনৰ মোহৰ পৰা দৰ্শক ওলাই আহিব পৰা নাছিল। সেই মৰমৰ আধাৰত ২০১৩ চনত আহিছিল ‘আশিকী ২’। আৰু এইবাৰ আহি আছে ‘আশিকী’ৰ তৃতীয় খণ্ড। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰ্য্যই।
‘আশিকি ২’ত দৰ্শকে লাভ কৰিলে নতুন যোৰ। আদিত্য ৰায় কাপুৰ, শ্ৰদ্ধা কাপুৰ। আৰু এই নতুন ছবিখনৰ আভাস পোৱাৰ পৰাই বলীউডত হুলস্থুলৰ সৃষ্টি হৈছে যে কাৰ্তিক আৰিয়ান আৰু জেনিফাৰ উইংগেটে এই ছবিখনত যোৰ কৰিবলৈ ওলাইছে। কিন্তু এই খবৰটো সম্পূৰ্ণ গুজৱ বুলি দাবী কৰিছে পৰিচালক অনুৰাগ বসুৱে। পৰিচালকগৰাকীয়ে কয় যে বৰ্তমানলৈকে নায়িকাগৰাকীক চূড়ান্ত কৰা হোৱা নাই।