ট্ৰাম্পৰ ঘৰৰ পৰা উদ্ধাৰ আন দেশৰ পাৰমাণৱিক অস্ত্ৰৰ নথি

৮ আগষ্টত ফ্ল’ৰিডাৰ পাম বিচৰ ট্ৰাম্পৰ ঘৰত অভিযান চলাইছিল এফ বি আইয়ে। তেতিয়াই আন দেশৰ প্ৰতিৰক্ষা সম্পৰ্কীয় নথি-পত্ৰও উদ্ধাৰ হয়। তদন্তকাৰী সংস্থাটোৱে ঘৰটোৰ পৰা ১১ হাজাৰৰো অধিক নথি-পত্ৰ উদ্ধাৰ কৰে। এই তথ্য আমেৰিকাৰ সংবাদ মাধ্যম ৱাশ্বিংটন পোষ্টে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে। কিন্তু এফ বি আইয়ে এই তথ্যৰ বিষয়ে প্ৰকাশ কৰা নাই। জানিব পৰা মতে উদ্ধাৰ হোৱা নথি সমূহ ইমানেই গোপনীয় যে ৰাষ্ট্ৰপতি আৰু কেবিনেট সদস্যৰ বাহিৰে আন কাকো চাবলৈ দিয়া নহয়। আন দেশৰ পাৰমাণৱিক শক্তিৰ সবিশেষ ট্ৰাম্পৰ বাসগৃহত কিয় ৰখা হৈছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। ফ্ল’ৰিডাৰ পাম বিচত থকা ট্ৰাম্পৰ বাসগৃহটোও কিছুমান বিশেষ ব্যক্তিৰ বাবে ক্লাব হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰসংগক্ৰমে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ওলাই অহাৰ সময়ত ট্ৰাম্পে নিজৰ লগত কেইবাখনো নথি-পত্ৰ এৰি থৈ গৈছিল। ট্ৰাম্পে বাৰে বাৰে কোৱাৰ পিছতে কিছু নথি-পত্ৰ ঘূৰাই দিছিল যে তেওঁৰ হাতত আৰু কোনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ নাই। ইফালে, ঘৰৰ কোন অংশত উদ্ধাৰ হোৱা নথি-পত্ৰ কেনেকৈ উদ্ধাৰ কৰা হৈছে সেই কথা এফ বি আইয়ে প্ৰকাশ কৰা নাই। নথি-পত্ৰ পৰীক্ষা কৰিবলৈ এফ বি আইৰ বিষয়াসকলে আমেৰিকাৰ কেবিনেটৰ পৰা বিশেষ অনুমতি ল’ব লাগিব।

AssambollywoodDaily time axomGuwahatiInternationalpoliticsWorld
Comments (0)
Add Comment