লিজ ট্ৰাছে ঘোষণা কৰিলে তেওঁৰ নতুন মন্ত্ৰীসভা

দ্বিতীয় ৰাণী এলিজাবেথে বালমোৰেল পেলেচত লিজ ট্ৰাছক দেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰে। আৰু আজি ট্ৰাছে ঘোষণা কৰিলে তেওঁৰ নতুন মন্ত্ৰীসভা। তেওঁৰ মন্ত্ৰীসভাৰ চাৰিটা গুৰুত্বপূৰ্ণ পদত আছে মহিলা আৰু অশ্বেতাংগ লোক। বিত্তমন্ত্ৰীগৰাকী হৈছে কোৱাছি কোৱাৰ্টেং। ১৯৬০ চনত ঘানাৰ পৰা ইংলেণ্ডলৈ আহিছিল কোৱাছিৰ পিতৃ-মাতৃ। তেওঁ ব্ৰিটেইনৰ প্ৰথম কৃষ্ণাংগ বিত্তমন্ত্ৰী। তদুপৰি জেমছ ক্লেভাৰলি দেশৰ প্ৰথম কৃষ্ণাংগ বৈদেশিক মন্ত্ৰী হিচাপে পৰিগণিত হয়। তেওঁৰ দেউতাক বগা ৰঙৰ যদিও মাতৃ মূলতঃ ছিয়েৰা লিয়নৰ। মিশ্ৰ জাতিৰ শিশু হিচাপে জেমছে বিভিন্ন সাক্ষাৎকাৰত কৈছিল যে তেওঁ ইংলেণ্ডৰ বিভিন্ন বিদ্যালয়ত বৰ্ণবাদৰ সন্মুখীন হ’বলগীয়া হৈছিল।

শেহতীয়াকৈ প্ৰাক্তন গৃহমন্ত্ৰী প্ৰীতি পেটেলও ব্ৰিটিছ বংশৰ নাছিল। আৰু নতুন গৃহমন্ত্ৰী ছুয়েলা ব্ৰেভাৰমেনৰ পিতৃ-মাতৃ ছয় দশকৰ আগতে কেনিয়া আৰু মৰিচাছৰ পৰা এই দেশলৈ আহিছিল। এই তিনিটাৰ বাহিৰেও কেবিনেটত আন দুটা অতি গুৰুত্বপূৰ্ণ পদ আৰু এগৰাকী মহিলা টেৰেছ কফি আছে। তেওঁ নতুন উপ-প্ৰধানমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী।

উল্লেখ্য যে, ২০০২ চনত লেবাৰ পাৰ্টিৰ পল ব’টেং বিত্তমন্ত্ৰী হয়। তেওঁ দেশৰ প্ৰথমজন অশ্বেতাংগ মন্ত্ৰী।

Daily time axomIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment